পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘোৰ কলি যুগ ইটো তৰণ উপাই।
হেন জনি সখি তুমি স্মৰিয়ো সদাই॥
বিষয় বাসনা যত সবে হৈবে ক্ষয়।
পাইবা পৰম পূন্য হৈবে মনোদয়॥২৪৯॥
সম দম ভাগ্য বুলি সবে হবে তাৰ।
কাম ক্ৰোধ লোভ মোহ সবে অহঙ্কাৰ॥
পাপ পূন্য যত আছে সবে হয নাশ।
গুছিবে বিষয় হৈবে পৰম সন্যাস॥২৫০॥
শ্ৰীযশ কীৰ্ত্তি আযু হৈবে দিনে দিনে।
নপাৱয পাপ পূন্যে যত দোষ গুণে॥
হেন নাম সজ্জনেও মুখত সদায়।
মহা শ্ৰদ্ধা ভাৱৰ যিটো অহৰ্নিশে গায়॥২৫১॥
কতেক কহিবো সখি নামৰ মহিমা।
হেন নাম যিটো লোৱে তাৰ নাহি সীমা॥
তাৰ সেবা কৰি থাকা বান্ধব অৰ্জ্জুন৷
পাইবাহা মুকুতি সত্য বুলিলো বচন॥২৫২॥
কৃষ্ণৰেসে নিষ্ঠ বাণী শুনি মহাবলী৷
দণ্ডৱৎ কৰিয়া ধৰিলা কৃতাঞ্জলি॥
প্ৰেমে পুলকিত হুয়া ৰহিলা অৰ্জ্জুন।
ধাৰাই বহয় নীৰ নাসয় বচন॥২৫৩॥
কতক্ষণ তস্তি ৰহি পাৰ্থ মহামাণী।
গদগদ বাক্যে বুলিবাক লৈলা বাণী॥