সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৬ )

ইসব পাতকী সখি হোৱয় উদ্ধাৰ।
যদি একমনে সুমৰয় একবাৰ॥
গো-বধী ব্ৰহ্মবধী যিটো মহা পাপী।
সিও শুদ্ধ হোৱে মোৰ নামত তথাপি॥ ২৩৮
অনেক কালৰ যে বাসনা আছে যাৰ।
কাম ক্ৰোধ লোভ মোহ আছয় অপাৰ॥
সিও শুদ্ধ হোৱে মোৰ নাম প্ৰসাদত।
কতেক কহিবোঁ মই নামৰ মহত্ত্ব॥ ২৩৯॥
সদা বিষয়ত মজি আছে যিটোজন।
পুত্ৰ ভাৰ্য্যা ধন বুলি মৰে সৰ্ব্বক্ষণ॥
সি মহা পাতকী ও হোৱয় মোচন।
যদি মোৰ নাম লৱে হুয়া একমন॥ ২৪০॥
হেন জানি সখি তুমি স্মৰা সৰ্ব্বক্ষণ।
নকৰিবা হেলা মই বুলিলোঁ বচন॥
তীৰ্থ-ব্ৰত আদি যত আছে পূন্যগণ।
সব পূন্য পাই নাম কৰিলে কীৰ্ত্তন॥ ২৪১॥
মোৰ নাম জানা সখি ধৰ্ম্ম শিৰোমনি।
কহিলোঁ তোমাত সখি এহি নিষ্ঠা বাণী॥
নামে তীৰ্থ নামে ব্ৰত নামে যজ্ঞ দান।
নামে ধৰ্ম্ম নামে কৰ্ম্ম নামে জ্ঞান ধন॥ ২৪২
নামে ধাতা বিধাতা যে নামে কল্পতৰু।
ভক্তা ভক্তা নামেসে গুৰুৰো মহাগুৰু॥