পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৫)

কিন্তু ভনে যে বালকানন্দে।
ৰাম কৃষ্ণ ৰাম বোলা আনন্দে॥
যেবে যাইবা সুখে সংসাৰ তৰি।
সদায়ে ডাকিয়া ঘুষিয়ো হৰি॥২৩৪॥

⸺ ০ ⸺


পদ।

কৃষ্ণে বোলে শুনা সখি স্বেত বাহন।
নামৰ নহিমা কহোঁ হুয়ো সাৱধান॥
দিব্য হাজাৰেক নাম ত্ৰৈলোক্যতে সাৰ।
এক যে শৰণ হুয়া স্মৰে এক বাৰ॥২৩৫॥
অজীন পাতকী যিটো অনেক কালৰ।
তাহাৰো পাতক নষ্ট স্মৰণে নামৰ॥
চণ্ঢাল পৰ্য্যন্ত যত অন্ত্যজ অধম।
মোৰ নাম স্মৰণেসে হোৱয় উত্তম॥২৩৬॥
নকৰিলে যিটো তপ ধৰ্ম্ম সদাচাৰ।
নপঢ়িলে সাস্ত্ৰ নাহি একোষে বিচাৰ॥
শৌচ আচৰণ নাহি নুহি বৃদ্ধি ভাল।
নিষ্ঠুৰ বচন বোলে আতি সৰ্ব্বকাল॥ ২৩৭॥