সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৪ ]

শিৰে যে কৰিবা সখি প্ৰণাম।
কৰ্ণে যে কথা শুনা অবিশ্ৰাম॥ ২৩৮॥
মোহোৰ নৈবেদ্যক মাত্ৰ খাবা।
মোহোৰসে পাদোদকে স্নানিবা॥
এহিসে নিষ্ঠ ভোজনৰ কথা।
কহিলেহোঁ সত্যে জানা সৰ্ব্বথা॥ ২২৯॥
আৰো পুছিলাহা সখি পূৰ্ব্বত।
নামৰ মহিমা কহিয়ো মোত॥
তাহাকে কহোঁ হুয়ো সাৱধান।
একচিত্ত দৃঢ় কৰিয়ো কান॥ ২৩০॥
শুনিয়ো সাধু লোক একমনে।
নাহিকে গতি সাধূ সেৱা বিনে॥
শিলাৰ ৰেখা জানা কৃষ্ণ বাণী।
লয়ো সাধু সঙ্গ হেনৰ জানি॥ ২৩১॥
নকৰিবা নিন্দা সবে সাধু লোক।
শাস্ত্ৰত বিচাৰিয়া চাহিয়োক॥
বিচাৰি নাপাই তেৱে নিন্দিবা।
পাই মোক আশীৰ্ব্বাদ কৰিবা॥ ২৩২॥
মইসে মুৰ্খ নজানো ভকতি।
ভকতক মাত্ৰ কৰো প্ৰণতি॥
কৃষ্ণৰ গুণক বৰ্ণাইবোঁ মাত্ৰ।
একোৱে গুণৰ নাহিক পাত্ৰ॥ ২৩৩॥