পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৪ )

মোহাৰ চৰণে,  পশিযা শৰণ,
 সদা কৰে নৃত্য গীত॥
জগততে হৰি,  হৰিত জগত,
 দেখে তাৰা ধনঞ্জয়।
হৰি ব্যতিৰেকে,  আন নেদেখয়,
 কহিলোঁ মই নিশ্চয়॥
সবাতে গৰিষ্ঠ  এহিসে একান্ত,
 কহিলোঁ নিষ্টে তোমাত।
হেনজানি তুমি,  সত্বৰে ভজিয়ো,
 সংশয় নকৰি আত॥
চতুৰ্ব্বিধ ভক্তি,  কহিলোঁ একান্ত,
 জানি সেৱা কৰাপাই।
অৰো কিছু কওঁ,  যিমতে ভজিবা,
 তাহাৰ শুনা উপাই॥
উত্তমত তুমি,  কৰিবা একান্ত,
 সেবিবা তাঙ্ক সদায।
তাৰ পদ ধূলী,  শিৰে লৈবা তুলি,
 পূজিবা তাস্ক সদায়॥
শযন ভোজন,  স্নানে গোপ্য আনে,
 স্মৰিবা তাহাঙ্ক মনে।
তাহান উচ্ছিষ্ট,  খায়া তুমি নিষ্ট,
 কৃতাৰ্থ হুয়া আপুনে॥