পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

ইহাকো সংশয়, নকৰা অৰ্জ্জুন,
 বুলিলোঁহো মই নিশ্চয়।
নিন্দিতৰ বাক্য,  নুশুনিয়া কাণে,
 নিন্দিয়া আপনি ক্ষয়॥
উত্তমত সেৱা,  এহি ভাৱে কৰা,
 সামান্যৰ কহোঁ আবে৷
সচকিতে উঠি,  ধৰিবা আলিঙ্গি,
 পূজিবা সুহৃদ ভাৱে॥
দুইকো দুই যে,  প্ৰাণামিব শিৰে,
 আনন্দে একে আসনে।
মোৰ কথা বুলি,  শিৰে লৈবা ধূলী,
 দুইকো দুই ঘনে ঘনে॥
মহামিত্ৰ মানি,  প্ৰেমেগলে বান্ধি,
 কৰিবা মোকে আলাপ।
এহি মতে দুই,  মোৰ কথা কই,
 তৰিবা সংসাৰ তাপ॥
আরু কহো পাৰ্থ,  শুনা পৰমাৰ্থ,
 নীচত যেন কৰিবা।
নীচক দেখিলে,  কৃপা কৰি তুমি,
 সাদৰ কৰি পূজিবা॥
কৈক যোৱা বাপ,  কিসক আসিলা,
 হৰি কথা শুনা ৰঙ্গে।