সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)

তাকে বুলি সন্ত,  মহন্ত একান্ত,
 আৰকহো শুনা পাৰ্থ,
হৈবে ভিক্ষাহাৰী,  যেন দণ্ড ধাৰী
 ফুৰে কৰি নানা অৰ্থ॥
মোক হৃদি ধৰি,  বিষ্ণু বুদ্ধি কৰি,
 মুৰ্ত্তি দেখি তীৰ্থ স্নানে।
সদায় সুমৰে,  নাম গুণ মোৰ,
 নাম সমস্তক মনে॥
আকে বুলি পাৰ্থ,  মহন্ত একান্ত,
 শুনা আৰকহোঁ সখি।
সদামন বুদ্ধি,  নাহি ভেদ বুদ্ধি,
 মহা ক্ষমা শীল দেখি॥
মোৰ গুণ নাম,  গাৱে অবিশ্ৰাম,
 কহে মোৰ জন্ম কৰ্ম্ম।
আপুনিও লোৱে,  আনক লোৱাৱে,
 সদা ভাগৱত ধৰ্ম্ম॥
চণ্ডাল ব্ৰাহ্মণ,  ইন্দ্ৰ চন্দ্ৰ কীট,
 সমস্তৰে একে বুদ্ধি।
হৰি ময় দেখি,  সবাকো নিৰিখি,
 হৱে মহা সত শুদ্ধি॥
অনন্য ভাবনা,  সততে আচৰে,
 নকৰয় আন চিত্ত।