পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩২ ]

আৰ নাহিভয়,  গুছিল সংশয়,
 নিশ্চয় কহিলো আমি॥
যদি বোলা সখি,  একান্ত ভক্তৰ,
 জানিবোহু কেনমতে৷
ইহাৰ লক্ষণ, যেন মতে কহোঁ,
 শুনা সখি ভাল মতে ॥
শ্ৰবণ কীৰ্ত্তন,  কৰে অনুক্ষণ,
 নাহি তাৰ আন মন।
অময় শৰণ  কায় বাক্য মন,
 নেৰয় মোৰ চৰণ॥
হৰিষ বিষাদ,  ভয়ত বিষাদে
 সদা স্মৰে নাৰায়ণ।
তাহাঙ্ক একান্ত,  বুলি জানা সখি,
 কহোঁযে স্বেতবাহন॥
কদাচিতে সন্তে,  বিষয় থাকন্তে,
 তাঙ্ক দেখে মায়া ময়।
বিষয়ত চিত্ত,  তিল মাত্ৰ নাই,
 নাহি জানা ধনঞ্জয়॥
যেহেন কচ্ছপে,  তৰে ডিম্ব পাৰি,
 জল মাজে কোকাৰয়।
সেহিমতে সন্তে, বিষয়ত থাকি
 সদায়ে মোক চিন্তয়॥