পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৭)

জয় জয় কৃষ্ণ জয় জয় সনাতন।
জয় জয় সৰ্ব্ব ঋপুহন্তা নাৰায়ণ॥
জয় জয় নিৰঞ্জন নিৰাকাৰ দেৱ।
জয় জয় হৰি তযু পাৱে কৰো সেৱ॥
তুমি বিভু প্ৰভু জগতৰ নবনিধি।
তোমাকেসে সেবে প্ৰভূ ইন্দ্ৰ চন্দ্ৰ বিধি॥
আমিষে অজ্ঞানী প্ৰভু নজানো নিশ্চয়।
কিমতে কৰিবো সেৱা কহা কৃপাময়॥
সন্তৰ সেৱায়ে তৰে সংসাৰৰ ক্লেশ।
কিমতে কৰিবো সেবা দিয়ো উপদেশ॥
কেনমতে ভজিবোহ ভকতক হৰি।
এহি বুলি অৰ্জ্জুন ৰহিলা তুতি কৰি॥
শুনা সবে নৰনাৰী সাবধান কৰি।
কৃষ্ণাৰ্জুন সংবাদযে ভবক্লেশ হাৰী॥
দুষ্টৰ যে ধুমকেতু বৈষ্ণবৰ মান।
পাতকৰ নিন্দা বাণী নকৰিবা কান॥
সাধু সঙ্গ চিন্তা কৰা, আপোনাৰ কাজ।
সাধুসেৱা কৰন্তেয়ো নকৰিবা লাজ॥
মই হেন মানী যেন এৰা অহঙ্কাৰ।
সাধুৰ সেৱায়ে পায়ে সংসাৰৰ পাৰ॥
অজিজ্ঞাসি নিন্দা বাণী নুবুলিবা মোক।
ভাগৱত পুৰাণ-বিচাৰি চাহিয়োক॥