পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২৮]

যদি শাস্ত্ৰে নথাকয় তেবেসে নিন্দিবা৷
শাস্ত্ৰত থাকিলে তেবে কৃপাযে কৰিবা॥
ইকথা থাকোক অপোনাৰ চিন্তা হিত।
সাধু সঙ্গ লৈযা শুনা কৃষ্ণ কথা মৃত॥
কৃষ্ণৰ কথাসে জানা সংসাৰতে সাৰ।
আপুনি তৰিবা হৈব পুৰুষ উদ্ধাৰ॥
ৰাম কৃষ্ণ নাম মুখে লোৱা অবিশ্ৰাম।
মনে চিন্তা পাদ পদ্ম হস্তে কৰা কাম॥
শিৰে যে প্ৰণাম নাসা তুলসীৰ ঘ্ৰান।
চৰণে চলয ভূমি বৈষ্ণবৰ থান॥
কৃষ্ণৰ কিঙ্কৰে কহে বালকাযে নন্দে।
জয় কৃষ্ণ চৰ্চ্চাকৰা পৰম আনন্দে॥
পুনৰপি বোলো মই দান্তে তৃণ ধৰি।
উচ্চকৰি ডাকি বোলা ৰাম কৃষ্ণ হৰি॥

⸻⸻

দুলড়ি।

মাধৱে বোলন্ত,  ধন্য ধন্য তুমি,
 কুন্তিৰ পুত্ৰ অৰ্জ্জুন।
আপুনি তৰিলা,  আনক তাৰিলা,
 কিন্তু সাবধানে শুন॥