পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৬)

এহিমতে জগতক দেখয় অসাৰ।
অহৰ্নিশে চিন্তে নিতে চৰণ আমাৰ॥
ইহেন ভকত সম আন কোন আছে।
আটুত ঐশ্বৰ্য্য সিটো ফুৰে পাছে পাছে॥
মুৰ্ত্তিধৰি পঞ্চবিধ মুক্তি পাছে ফুৰে।
মোক লোৱা বাপ বুলি কাকুতি যে কৰে॥
দেবদেবী যত আছে ব্ৰহ্মাণ্ড ভিতৰে।
তীৰ্থ ব্ৰত ধৰ্ম্ম আছে যত নিৰন্তৰে॥
চৰাচৰ মূৰ্ত্তি ধৰি তুতি কৰি ফুৰে।
তথাপি ভকতে তাক ইঙ্গিত নকৰে॥
মই জানা সখি ভকতৰ পাছে ফুৰোঁ।
যি বোলে তাহাক মই তৎকালে কৰোঁ॥
জন্ম কৰ্ম্ম জানা মোৰ ভক্তৰ নিদানে।
কহিলো ৰহস্য সখি তোমাৰ কাৰণে॥
মোৰ ভকতৰ সখি নাহিকে অন্তৰ।
বৈষ্ণবৰ মোৰ সখি একে কলেবৰ॥
নিশ্চয কৰিয়া কহো শুনা সখি পাৰ্থ।
সত্বৰে সন্তক ভজা কৈলো পৰমাৰ্থ॥
কৃষ্ণৰ মুখৰ বাক্য শুনি ধনঞ্জয়।
নেত্ৰৰ লোতক ঝৰে ভৈলন্ত বিস্ময়॥
প্ৰেমে মত্ত হুয়া পাৰ্থ কৃষ্ণৰ আগত।
তুতি আৰম্ভিলা কৃতাঞ্জলী কৰি হাত॥