পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২২ )


মোৰ নিজ ভক্ত ব্ৰহ্মাৰ নন্দন।
তাহান পদৰজে শ্ৰীবৎস শোভন॥
অনন্ত যে প্ৰিযভক্ত সবাতে অধিক।
তেহোঁ শষ্যা ভৈলা মোৰ কৈবো আবে কিক॥
জানিবা চাৰিও ভক্তে চাৰিও ঘোটক।
সেব্য যে সুগ্ৰীব মেধ পুষ্প বলাহক॥
গড়ৰধ্বজ ৰথ মোৰ সাৰথি দাৰুক।
গড়ূৰ আসন সখি মোৰ শুনিয়োক॥
বৈকুণ্ঠে ভৈলন্ত ছত্ৰ নাৰদে ভৈলা তুলি।
সনকে কৰিলা জয জয কৃষ্ণ বুলি॥
নন্দ উপনন্দ আদি মোৰ ভক্ত যত।
অভিষেক কৰিলা মোহোত হুয়া মত্ত॥
সবে ভক্তে মিলি মোক কৰিলেক বাজা।
কি কহিবোঁ বান্ধব আপুনি তুমি বুঝা॥
সূক্ষ্ম মই স্থূল কৰি ভকতেসে থাপে।
আকে জানিবাক আবে পাৰে কাৰ বাপে॥
এতেকে জানিবা সখি ভকতেসে দেব।
হেনজানি তুমি ভকতক কৰ সেৱ॥
সন্তৰ ভূষণ মই ভূষণ যে সন্ত।
সন্তৰ মহিম মই কহি নপাওঁ অন্ত॥
ভক্ত কথা শুনি পাৰ্থ ভৈলন্ত বিস্ময়।
তনু পুলকিত নেত্ৰ নীৰ বহি যায়॥