পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)

ব্ৰহ্মা বিষ্ণু মহেশে উদয়ে তিনি ৰেখা।
মোহোৰ ভক্তৰ সখি মহত্ত্ব যে দেখা॥
ধম্ম অধম্ম জ্ঞান বিজ্ঞান যশ চয়।
শ্ৰীসহিতে মোহৰ ভকত দেখা ছয॥
পাঞ্চজন্য শঙ্খ হুযা হস্তে আছে মোৰ।
কতেক কহিবোঁ সখি আগত তোমাৰ॥
চন্দ্ৰ সূয্য ব্ৰহ্মা বিষ্ণু মোহোৰ ভকত।
অগণি যোস্না সহিতে এহি ছয় তত্ত্ব॥
মৈৰা পুচ্ছ হুযা আছে মোহাৰ শিৰত।
কি কহিবোঁ সখি মোৰ ভক্তৰ মহত্ত্ব॥
ইন্দ্ৰ কান্তি মযুৰ যে ভৈলন্ত যোড়াত।
ত্ৰিপুৰ মোহোৰ ভক্ত জানিবা সাক্ষাত॥
তান নাভি ভৈলা মোৰ চান্দনি ৰুচিৰ৷
কতেক কহিবোঁ সখি মহিমা ভক্তৰ॥
শুনিলা মোহোৰ ভক্ত কাশ্যপ বৰুণ।
ইহান তেজে পৰশি জানিবা অৰ্জ্জুন॥
জগতৰ ভক্ত ৰসভাগে যে কৌস্তুভ।
তোমাত কহিবোঁ সখি জানিবা বান্ধব॥
দক্ষ আদি মোৰ ঋষি মোৰ ভক্ত যত।
সুদৰ্শন পদ্ম ভৈলা মোহোৰ হস্তত॥
প্ৰিয় ব্ৰত আদি ৰাজা ঋষি মোৰ ভক্ত৷
সাৰঙ্গ যে ধনু ভৈল কহিলোহু তত্ত্ব॥