এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৩ )
দেখন্ত গোবিন্দে অৰ্জ্জুনক প্ৰেম ভাৱ।
অশ্বাসি বোলন্ত হৰি পৰম বান্ধব॥
তুমি মোৰ পৰম সুহৃদ প্ৰিয়ভক্ত।
এতেকেসে তোমাত কহিলোঁ গোপ্য তত্ত্ব॥
মোৰ কেহোঁ নাহি সখি তোমাতেসে পৰে।
সাবধানে লোৱা সখি সেৱা ভকতৰে॥
ভক্তেসে শৰীৰ মোৰ ভক্তেসে ভূষণ।
এতেকতে বুলি ভূষণৰ যেভূষণ॥
মোহোৰ ভুষণ ভক্তে কহিলোঁ অৰ্জ্জুন।
মই যেন ভক্তৰ ভূষণ সখি পূৰ্ণ॥
মোৰ নাম কণ্ঠহাৰ সদাযে সুমৰে।
শযনে ভোজনে স্নানে ইন্দ্ৰিয় ব্যাপাৰে॥
মোৰ পদ ছাযা ছত্ৰ তুলি ধৰে শিৰে।
পদ ছত্ৰ ছায়া আৰো তাপ পলাই দূৰে॥
মোৰ নাম হৃদি ধৰি তেজে সুখ দুখ।
বিষয়তো ধিক সুখ ইন্দ্ৰিযৰ সুখ॥
মোৰ নাম গাই ফুৰে নাজানয় আন।
ৰাত্ৰি দিনে মোহোৰ চৰণে নেৰে ধ্যান॥
পুত্ৰ ভাৰ্য্যা ধন জন তাৰ স্নেহ তেজি।
সদা কৰে মোৰ কৰ্ম্ম মোক মাত্ৰ ভজি॥
মোৰ গুণ বশ কহে শুনি নিৰন্তৰে।
অতপৰে নজানে কহিলোঁ দৃতৰে॥