পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)

বায়ু অপ আকাশ যে ভক্ত আয়ু মোৰ।
আপাদ লম্বিত বনমালা ভৈলা মোৰ॥
অগ্নি মোৰ প্ৰিয়ভক্ত শুদ্ধ আতিশয়।
তানে শতভাগে পীত বস্ত্ৰ যে নিশ্চয়॥
হিৰণ্যক্ষ মোহোৰ ভকত অতি বীৰি।
উত্তৰী কৰিলোঁ মই তাহা ৰেসে নাড়ি॥
চন্দ্ৰ মোৰ শান্ত দত্ত ভক্ত প্ৰিয়তৰ।
নখ হুয়া ৰহিলন্ত মোহোৰ হস্তৰ॥
দশ দিগ পাল জানা মোৰ ভক্ত পূৰ্ণ।
তাসাম্বাৰ নাড়ি ভৈলা মোৰ নবগুণ॥
সত্ব ৰজস্তম তিনি মহন্ত উত্তম।
ৰৈদ্ধ্যৱন্তি মালা হৃদয়ৰ মনোৰম॥
মনু আদি কৰি মোৰ বাঢ় যে বৈষ্ণব।
অতি প্ৰিয়তম মোৰ পৰম বান্ধৱ॥
কটী মধ্যে ৰৈলা তাৰা হুয়া যে কিঙ্কিনি।
সদায়ে বাঝয় সুললিত ধ্বনি শুনি॥
সাত যে সাগৰে মোৰ ভৈলন্ত মেখলা।
সৰস্বতী মোৰ ভক্ত নাভি পদ্ম ভৈলা॥
সাংখ্য কৰ্ম্ম মোৰ ভক্ত আতি প্ৰিয়তৰ।
কুণ্ডল যে ভৈলা তেহোঁ মোহোৰ কৰ্ণৰ॥
জগতৰ বীৰ্য্যে ভৈলা কামুদকি গদা।
হস্তত থাকন্ত মোৰ জানিবা সৰ্ব্বদা॥