পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)

ধ্বজ বজ্ৰ অঙ্কুশ যে ঘৰ পদ্ম দেখা।
পাঞ্চচিহ্ন চৰণৰ দিলোঁ মই লেখা॥
এবে কহোঁ শুনা সখি দেহ আভৰণ।
যেন মতে আছে বেঢ়ি ভকত সজ্জন॥
চাৰি বেদে চাৰি ভক্তে জানা মহা মতি।
চৰণে নেপুৰ হুয়া ৰহিছে সম্প্ৰতি॥
কল্পতরু বৃক্ষ রূপে মোহোৰ ভকত।
চৰণে হুয়া আছে কমল পত্ৰ যত॥
কুবেৰ বৈষ্ণব মোৰ নাহি যাক সম।
পদাঙ্গুলী উজতি যে অতি মনোৰম॥
বাসুকী যে প্ৰিয় ভক্ত অতি দৃঢ় তৰ।
হোৰৰ যে হুয়া আছে চৰণ উপৰ॥
কুবেৰেও হুয়া আছে আরু চৰণৰ।
কহোঁ শুনা সখি আৰু কথা ভকতৰ॥
পৃথিবী মোহোৰ সন্ত বীৰ যে ভকত।
তেজ হুয়া ৰহিলা মোহোৰ শৰীৰত॥
জগতৰ যত ভক্ত মোৰ প্ৰিয়তৰ।
তাৰৰস্মি চক্ৰ মোৰ হস্তৰ উপৰ॥
সাগৰ মোহোৰ ভক্ত জানা অতিশয।
চন্দন তিলক তাহাৰেসে কেশ চয॥
ব্ৰহ্মাণ্ড কীৰিতি ভৈলা শিৰৰ উপৰে।
হেন প্ৰিয় ভক্ত মোৰ নজানয় নৰে॥