পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮)

বিদ্যা যে প্ৰকৃতি মোৰ ভকত উত্তম।
গুহ্য লিঙ্গ কেশ,আদি লোম আৰো চৰ্ম্ম॥
আপনি ভৈলন্ত বিদ্যা মোৰ প্ৰিয় জানি।
অবিদ্যা আছয মোৰ সংসাৰ মোহিনী॥
আৰো কহোঁ শুনা সখি অলঙ্কাৰ কথা।
ভকতে ভূষণ মোৰ জানিবা সৰ্ব্বথা॥
প্ৰথমতে কহোঁ মই চৰণ ব্যবস্থা।
যেন মতে ভৈলা মোৰ পাঞ্চ চিহ্ন কথা॥
শঙ্কৰ জগত গুৰু জানিবাহা সখি৷
সবাতেসে স্ৰেষ্ঠ ভকতক তাঙ্ক লেখি॥
তেহোঁ শক্তি মই যিটো ভূবন কাৰণ।
অঙ্কুশ যে হৈলা তেহোঁ মোহোৰ চৰণ॥
জগত জননী যাক সম নাহি কেৱ।
ব্ৰহ্মা আদি দেবে যাক সদাকৰে সেৱ॥
লক্ষ্মী মোৰ ভাৰ্য্যা জানা আতি প্ৰিযতম।
জড় হুয়া ৰহিলন্ত তেহোঁ যে উত্তম॥
বযু মোৰ পৰম ভকত্ব শ্ৰেষ্ঠ তৰ।
ধ্বজ হুয়া ৰহিলন্ত তেহোঁ চৰণৰ॥
ইন্দ্ৰ মোৰ নিজ ভক্ত জানিবাহা সাৰ৷
বজ্ৰহুয়া ৰহিলন্ত চৰণে আমাৰ॥
দেখা কেনে ব্ৰহ্মা আদি মোৰ প্ৰিয ভক্ত।
পদ্ম হুয়া ৰহিলন্ত মোৰ চৰণত॥