পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭ )


যাবে থাকে প্ৰাণ  ধৰা গুণনাম,
 লয়োক সাধু সঙ্গতি॥
কৃষ্ণৰ কিঙ্কৰে,  কহে নিৰন্তৰে,
 বালকা নন্দ যে মূঢ়।
হৰিৰস নদী,  শুদ্ধ জল পাই,
 তাতে নামি দিলোঁ বুৰ॥
কৃষ্ণ কথা জল,  অমৃত নদীত,
 বুৰ দিয়ো সাধু নৰে।
ৰাম কৃষ্ণ হৰি,  বোলা উচ্চ কৰি,
 ঘনে ঘনে নিৰন্তৰে॥

পদ।

কৃষ্ণে বুলিলন্ত শুনিয়োক প্ৰাণ সখি।
সমস্তে কহিবোঁ আজি গোপ্যক নৰাখি॥
ভক্তেসে পৰম বন্ধু আন নাহি কেৱ।
দেখাপ্ৰাণ সখি কেন মতে কৰো সেৱ॥
নাৰদাদি প্ৰভৃতি মোৰ পৰম ভকত।
তাহাৰ কাৰণে মোৰ তনু যে সাম্প্ৰত॥
সত্য জ্ঞান অনন্ত আনন্দ যেবে দেখা।
বস সমে পঞ্চ ভক্ত দিলোঁ মই লেখা॥
পাঞ্চ জনে মিলি মোৰ ধৰিলা শৰীৰ।
আৰো কহোঁ শুনা সখি তুমি মহাবীৰ।