পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৬ )

জানি হেন কৰা,  ৰাম নাম স্মৰা,
 বৈষ্ণবক ধৰা ডাটি।
হেলায়ে তৰিবা,  দুস্তৰ মায়াক,
 এৰাইবে যমৰ ঘাটি॥ ৮০
ইসে সাৰতৰ,  সকল শাস্ত্ৰ,
 জানি লয়ো সাধু সঙ্গ।
পুত্ৰ দাৰা ধন,  সবেও সপন,
 জানি কৰা মনভঙ্গ॥৮১॥
যদি বোলা পুত্ৰ,  ভাৰ্য্যা বন্ধু জন,
 ইসে সাৰতৰ মোৰ।
সুখৰ সাগৰ,  গৃহ ৰতি ৰল,
 তাক কেন কৰোঁ দূৰ॥ ৮২।
ইহাৰ উত্তৰ,  শুনা বন্ধু নৰ,
 কহোঁ মই তাৰ বাণী।
প্ৰিয় আত্মা গুৰু  প্ৰিয় এৰি গৈলে,
 স্ত্ৰীপুত্ৰে পেলাৱে টানি॥৮৩
দেহৰ কাৰণ,  পুত্ৰ ভাৰ্য্যা কোন,
 কৰিলা মহা যতন।
শৰীৰ এৰিলে,  সবেও থাকিবে,
 সঙ্গে নেযায় একজন॥
হেন জানি নব,  কৃষ্ণৰ চৰণে,
 কৰিও দৃঢ় ভকতি।