পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫ )

তষু গুণ নাম,  গাৱে অবিশ্ৰ,
 তোমাক চিন্তে সতত॥ ৭৪॥
ইহাৰ উত্তৰ,  শুনা মহাবীব,
 তুমি মোৰ বৰ ইষ্ট।
মোহোৰ ভকত,  যেন মতে পূজ্য
 কহিবো তোমাত নিষ্ট॥ ৭৫॥
মই নিৰাকাৰ  নাহিকে আকৰ
 সূক্ষ্ম মই স্থূলা কাৰ।
মই অজ ব্ৰহ্ম  নাহি জন্ম কৰ্ম
 তথাপি ভক্তে প্ৰচাৰ॥৭৬।
যিবা দেখা দেহ  ভক্তৰেসে স্নেহ,
 ভক্তেসে আছে আবৰি।
শুনা সব্য সাচী তোমাত কহওঁ
 যেনমতে ভৈলা হৰি। ৭৭॥
শুনা সভাসদ  ভক্তৰ সম্পদ
 আতপৰে নাহি আৰ।
এক চিত্ত মনে,  শুনা সাৱধাণে,
 বৈঞ্চবী গীত পযাৰ॥৭৮
সংসাৰ সাগৰ,  হৰিবা নিকাৰ,
 ৰাম নামে বান্ধা সেতু।
বৈষ্ণব সেবা,  ভকতিৰ দ্বাৰ,
 পাতকৰ ধূম কেতু৷৷ ৭৯