পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪ )

মোহোৰ ভকত,  আপনিও শুল্ক,
 আনকেও শুদ্ধি কৰে।
পাপ পূণ্য তাৰ,  নপাৱে ওচৰ,
 আনকি কৰিতে পাৰে॥ ৬৯।
সবাতে সমান,  ভেদ নাহি আন,
 সবাকেহে কৃপা কৰে।
পৰ দুখ দেখি,  আপুনিযে দুঃখী,
 দৰশনে পাপীতৰে॥ ৭০৷
এহিসে কাৰণে,  ভকত উত্তম,
 কহিলোহু মই সখি।
ভক্তক স্মৰণে,  দৰ্শনে-স্পৰ্শনে,
 দুখী হোৱে সুখী। ৭১।
এতেকেহে শ্ৰেষ্ঠ,  সবাতো গৰিষ্ঠ,
 কহিলোঁ নিষ্ঠে তোমাত।
হেনজানি ভজা,  ভকতক সদা,
 এৰায়ো মায়াৰ হাত॥ ৭২।
পুছিলা কাৰ্য্যসে,  তোমাত কহিলোঁ,
 ইটো বেদান্তৰ গুহ্য।
যততীৰ্থ দেব,  তাৰকৰে সেব,
 ভকতে মোহোৰ পূজ্য॥ ৭৩
যদি বোলা হেন,  তোমাৰ পূজন,
 কিমতে ভৈলা ভকত।