পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩ )

নাহি আত্ম পৰ, শত্ৰুত মিত্ৰত,
 দেখে সবে একে ময॥ ৬৩
সৰ্ব্ব গুণান্বিত,  সৰ্ব্বানন্দ ময়,
 সকল কাৰ্য্যে, কুশল।
মহা ধৈৰ্য্যৱন্ত,  গম্ভিৰে সমুদ্ৰ,
 ক্ষমাশীল দয়াশীল॥ ৬৪।
কাম ক্ৰোধ লোভ,  নাহি ভকতৰ,
 শুনিলে স্বেত বাহনে।
যদি দুষ্টজনে,   নানাদুখ দেই,
 তাকোসহে সন্তজনে॥ ৬৫।
যেবে বোলে দেব,  সবে কৰে সেব,
 কাম যে ক্ৰোধ অপাৰ।
লোক পূজেপুস্ট,  তাতো নাহি তুষ্ট,
 ছিদ্ৰ পাই ক্ৰোধ বৰ॥ ৬৬।
যেহেন বৃক্ষৰ,  গলিত পত্ৰৰ৷
 মন্দ বাযু উৰাই নেই।
সহিমতে দেব,  জানিয়োক সখি,
 তিল মাত্ৰ ধৰ্ম্মনাই। ৬৭।
আনতীৰ্থ যত,  কৰে অপবিত্ৰ,
 আপনাৰ নাহি শুদ্ধি।
পাতকীৰ পাপে,  মলিন হোৱয
 কিমতে কৰিবো শুদ্ধি। ৬৮॥