পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১২]

ব্ৰহ্মাণ্ড ভিতৰে,  যত তীৰ্থ আছে,
 বৈষ্ণবক কৰা সেৱ।
ইটো কথা মই,  শুনিবাক চাওঁ,
 কেৱে ভৈলো ভক্ত দেৱ॥ ৫৮
কেনে মতে ভৈলা,  ভকতে সে শ্ৰেষ্ঠ,
 তাক কৈয়ো মোত স্বামী।
ইটো অদভূত,  কথা শুনি বাক,
 বাঞ্চা কৰো প্ৰভু আমি॥ ৫৯
হেন শুনি হৰি,  আনন্দ যে কৰি,
 বুলিবে লাগিলা পাছে।
শুনা সখি পাৰ্থ,  ইটো পৰমাৰ্থ,
 যদি তযু ইচ্ছা আছে॥ ৬০
মন দৃঢ় কৰা,  হৃদয়ত ধৰা,
 ত্ৰৈলোক্য নিস্তাৰ জানি।
এহি কথা মোত,  পুছিলা পূৰ্ব্বত,
 নাৰদ যে মহা মুনি॥ ৬১
মোক্ষৰ সমস্ত,  আদি গোপ্য কথা,
 কহোঁ সখি শুনা সন্ত।
কহোঁ মই দৃঢ়,  ধৈৰ্য্য বুদ্ধি,কৰা,
 মনত কৰা একান্ত॥ ৬২॥
যেন মতে শ্ৰেষ্ঠ,  ভৈলন্ত মহন্ত৷
  শুনা আবে ধনঞ্জয়।