সমললৈ যাওক

পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১১]

পতিত পাবন নাম,  তোমাৰ শুনিয়া স্বামী,
 শৰণ যে চৰণ পঙ্কজে।
পতিতক কৃপা হৌক,  অহৰ্ণিশে মন ৰৌক,
 তযু পাৱে সদায়ে সহজে॥ ৫৩
অৰ্চ্চন ভক্তিক সদা,  মাগো প্ৰভু তযু পাৱে,
 যাক পাইলে মোৰ পূৰে আশ।
তযু চৰণত চিত্ত,  নাপাশৰো আমি নিত্য,
 সত্যে সত্যে সত্যে ভৈলো দাস॥ ৫৪
যদিবা বিপথে মন,  চলে প্ৰভু সৰ্ব্বক্ষণ,
 পদাঙ্কুশে ৰাখিবা মুৰাৰি।
কৃষ্ণৰ কিঙ্কৰে ভণে,  ডাকি বোলা সৰ্ব্বক্ষণে,
 উচ্চ কৰি ঘনে হৰি হৰি।॥ ৫৫

দুলড়ি।

কতক্ষণে মনে,  গুণিয়া অৰ্জ্জুনে,
 পুছিলন্ত প্ৰেম ভাবে।
শুনা কৃষ্ণ স্বামী,  আতি মৃঢ় আমি,
 সেৱা লৈলো তযু পাৱে। ৫৬
আপুনি ঈশ্বৰ,  প্ৰভু জগ তৰ,
 ধাতা কৰ্ত্তা মহেশ্বৰ।
তোমা ৰেসে ভৃত্য,  আছয় যতেক,
 ব্ৰহ্ম আদি চৰাচৰ॥ ৫৭