পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১০]

মই সখি কহোঁ হেৰ,  সত্য কৰি আৰ বাৰ,
 ভক্তে মোৰ প্ৰিয় যে নিশ্চয়॥ ৪৭
মোৰ বাক্য নিষ্ঠ জানি,  ধৰা পাৰ্থ মহামানী,
 বেষ্ণবক প্ৰিয় আত্ম বুলি।
বৈষ্ণবে সুহৃদ হিত,  বৈষ্ণবক ভজা নিত,
 শিৰে লয়ো বৈষ্ণবৰ ধূলী॥ ৪৮
হেন শুনি ধনঞ্জয়,  মনত ভৈলা বিস্ময়,
 ইটো কথা কৈত নাহি শুনি।
আশ্চৰ্য্য আশ্চৰ্য্য ইটো,  প্ৰকৃতি যে পুৰুষত,
 নাৰায়ণ ৰঞ্জন আপুনি॥ ৪৯
শুনা সাধু সভা সদ,  বৈষ্ণবী গীতাৰ পদ,
 এক চিত্ত মনে নিৰন্তৰে।
হোৱয় কেবল ভক্তি,  লভিলাহা মহা মুক্তি,
 গুচিবেক মায়া যে দুস্তৰে॥ ৫০
পাতেকৰ ধূম্ৰ কেতু,  ভব সাগৰৰ সেতু,
 বৈষ্ণবী গীতাৰ ইটো পদ।
জানি নিতে ভক্ত সঙ্গে,  শুনা আতি মহা ৰঙ্গে,
 অনায়াসে তৰিবা বিপদ॥ ৫১
নমো নমো কৃঞ্চ বাপ,  মোৰ সম নাহি পাপ,
 তযু সম যাক নাহি কেৱ।
নজানোহো পূজা ভক্তি,  নজানোহো স্তুতি নতি,
 যেন যোগ্য কৰা কৃষ্ণ দেৱ॥ ৫২