পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯ ]

মোৰ প্ৰিয ভকতৰ,  সেবে সিটো নিৰন্তৰ,
 নাহি তাৰ ভয় একোকালে।
যাক ভয় নিৰন্তৰে,  সিয়ো সেবে নিৰন্তৰে,
 জাৰ মৃত্যু যম মায়া কালে॥৪২॥
যত আছে দেবী দেব,  তাৰাসবে কৰে সেব,
 কি কহিবো ভক্তৰ মহত্ত্ব।
স্বৰ্গ মৰ্ত্ত্য পাতাল,  গঙ্গা অদিতীৰ্থ যত,
 তাৰাসবে সেবয সতত। ৪৩৷
মই ব্ৰহ্মা নিৰঞ্জন,  মোত পৰে আছে কোন,
 মইফুৰোঁ তাৰ পাছে পাছে।
বৈঞ্চবক দেবজানি,  ভজাতুমি মহামানী,
 কাকো নভজিবা যতআছে॥৪৪
বৈষ্ণবক কৰা সেৱ,  নভজিবা আনদেব,
 জানা বৈষ্ণবক গুৰু বুলি।
গুৰুৰ পৰম গুৰু,  বৈষ্ণবেসে কল্পতৰু,
 সদায় জানিবা মহাবলী॥ ৪৫
ই তিনিলোক ভিতৰে,  নাহিবৈষ্ণবত পৰে,
 গতি দাতা নাহি নাহি আনি।
হেনজানি প্ৰাণসখি,  মোহোৰ বচন ৰাখি,
 বৈষ্ণবত কৰামহা জ্ঞান॥ ৪৬
বৈষ্ণেৱ মোহোৰ প্ৰিয়,  মই বৈষ্ণবৰ প্ৰিয়,
 সত্যকহোঁ সখি ধনঞ্জয।