পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮ ]

সেহিমতে মুঢ় নৰে,  যদি অল্প পূন্য কৰে,
 বোলে কোন আছে মোত পৰে॥
অনেক তীৰ্থ স্নানিলোঁ,  অনেক ধৰ্ম্মক কৰিলোঁ,
 এহি গৰ্ব্বে পাতেক আচৰে।
হৰিৰ নামক শুনি,  গাৱে যেন লাগে অগ্নি,
 ভকতক দেখি নিন্দা কৰে॥৩৭॥
বোলে হৰিভক্ত হুয়া,  হৰি হৰি যেন লৈয়া
 সদা হুয়া কান্দিয়া যে মৰে।
এহিসে বুলি পাষণ্ডে,  যেন উদয়াৰ চাণ্ডে,
 মাগি খায়া মোহ ভাৱে ফুৰে॥৩৮॥
যদি ভকত সকলে,  নাম গুণ কৌতুহলে,
 মহানন্দে কীৰ্তনক কৰে।
তোক দেখি মূঢ় নৰে,  চক্ষু তেৰ কৰি চাৱে,
 বোলে উপালম্ভ বহুতৰে॥৩৯॥
মাযা মোহ হুযা অন্ধ,  নজানয় ভাল মন্দ,
 সদা কৰে সিটো অহঙ্কাৰ।
পাইলো চোৰ বুলি ধৰে,  নপাই দুঃস্বভা কৰে,
 সাধু সেৱা কেনে হৈব তাৰ॥৪॥
এহি কাৰণে নভজে,  বৈষ্ণৱক সামৰাজে,
 শুনা প্ৰাণ সখি ধনঞ্জয়।
হেনজানি আন এৰা,  বৈষ্ণবক সেৱা কৰা,
 জানা সখি কহিলোঁ নিশ্চয॥ ৪১॥