পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬)

থর থৰ করি  কম্পিয়া গৈলেক
 জৰ বাত বিষ হুয়া।
একোৱে প্ৰকাৰে  থাকিব নোৱাৰে
 স্থিৰ কৰি নিজ হিয়াঁ॥
দেখি ৰামানন্দে  কৰন্ত বিসাদ
 মিলিলা অনেকচিন্তা৷
নাই ভাত পানি  পিতৃৰভাৱনে।
 বোলে হৰাইবেক পিতা॥ ২২
যত ভক্তগণ  আছিলা লগত
 সবাৰ বিসাদ ভৈলা।
হৰি নাম ধৰি  উজাগৰ কৰি
 ৰজনী দুঃখে বঞ্চিলা॥
শঙ্কৰে মনত  চিন্তিয়া আচন্ত
 দিয়াহৰি পাৱে চিত্ত।
তিনিগুতি শ্লোক  বৰ্ণাই হৰিক
 কৰিলন্ত এক গীত॥ ২৪
ৰাম পাৱেপৰি কৰহু কাকতি
 প্ৰাণে ৰাখহ মোৰে।
বিষয়ে বিষধৰ  বিষে জ্বৰ জ্বৰ
 জীৱন নাৰহে থোৰ॥