পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)


তেবেসে এৰাবা কাল ভুজঙ্গৰ হাত
জানি হৃদে দাঠি ধরা যম কাল বাট॥
হৰিৰ প্ৰভাৱে সব দুৰ্গতি এৰাই।
হৰি বিনে গতি আৰ ত্ৰিভূবনে নাই॥ ১৯
হৃদয়ত গুৰু রূপে ধৰো পাদ পদ্ম।
ভকতি বিনাই আন নধরিবা চদ্ম॥
জীৱনে মরণে নেৰো তযু গুণ নাম।
জন্মর সফল হৌক বোলা ৰাম ৰাম॥ ২০


দুলড়ী।

শুনা সব নর শঙ্কৰ দেবর
 বৈকুণ্ঠ পয়ান গতি।
পৰিলা নাপরা  গাৱত ফুহুরা
 ভৈলন্ত তাৰ সম্প্ৰতি।
ভৈলা অথন্তর ঘাৱৰ বিষত
 থাকে ধর ফৰ কৰি॥ ২১
রাতি দিনে বিষে যাই ধাতু উরি
 ঘোৰ যাতনাত পৰি॥