পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪)

মহা আমোচন পাপ সিজিব আমাৰ।
হৃদয়ত অনুতাপ মিলিল অপাৰ॥
কতক্ষণে আপোনাৰ গৃহক আসিল।
ঊগুলে থূগুলে আসি হৃদয় ভেদিলা॥ ১৪
ৰাজাৰ কিমতে আরু হাতক এৰাইবো।
ইহ লোক এৰিয়া পৰ লোক যাবো॥
এহি বুলি কতক্ষণে থাকিলা শঙ্কৰে।
বৈকুণ্ঠে যাইবাক লাগি ভৈলা অগ্ৰসৰ॥
দেখা সৰ্ব্বজন কেনে ঈশ্বৰ ইচ্ছা৷
সামান্য জনৰ ইটো নিসিজয় বাঞ্ছা॥
আপুনি শঙ্কৰ গুরু জগতৰ গিৰি।
তাহাৰ মৰণ গতি মিলাইলা শ্ৰীহৰি॥ ১৬
সামান্য লোকৰ আবে কিবা দিবো সাক্ষী।
কৃষ্ণৰ ৰামৰ মৃত্যু লোৱা সবে দেখি॥
নেৰো যেন তোমাৰ মই চৰণ সম্পত্তি।
দিয়া উপদেশ পাদ পদত ভকতি॥ ১৭
নৰ তনু ধৰি প্ৰভু মানব তাৰিলা।
অগনিৰ শিখা যেন শিৰত থাপিলা॥
কোনে বুজিবাক পাৰে হৰিৰ মহত।
হেন জানি যান্তে হোৱা হৰিৰ ভকত॥ ১৮