পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)

গুণি-গাঠি একাদশ ( দিন ) গৃহত আচিলা।
দ্বাদশ দিনত শঙ্কৰক মাতি নিলা॥
বসিলা শঙ্কৰ গৈয়া আশীৰ্ব্বাদ কৰি।
তাঙ্ক দেখি ৰাজা কথা শুধিলা সাদৰি॥ ৯
একান্ত শৰণ মাত্ৰ আমাক দিয়োক।
নিশ্চয় নিশ্চয় আমি কহিলো তোমাক॥
শঙ্কৰে বোলন্ত শুনা ৰাজা মহাশয়।
শৰণ লৈবাক খোজা নুবুজি আশয়॥ ১০
হাস ছাগ কাতি তুমি দেবীক পূজিবা।
ইমতে কিমতে ৰাজা হৰিক ভজিবা॥
ৰাজ নীতি ৰাজ ধৰ্ম্ম কিমতে এৰিবা।
মহাধন হৰি ভক্তি কিমতে চৰ্চ্চিবা॥ ১১
পূজা নাপাই দেৱতা সকলে দিব সাপ।
আমাত লাগিবে যত অমুচন পাপ॥
হেন বাণি শুনি ৰাজা বোলে শঙ্কৰক।
সব ত্যাগি আমি নিষ্টে ভজিবো কৃষ্ণক॥ ১২
স্থিৰ কৰি এহি কথা কহিলো তোমাক।
আৰ কিছু বাধা বাণী নোবোলা আমাক৷
হেন শুনি গুরু উঠি গৃহক গৈলন্ত।
মনে গুণি গুণি একো উপায় নাপান্ত॥ ১৩