পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

হৃদয়ত থাকি মোক দিয়া সমিধান।
মিলোক ভকতি প্ৰভো কৃপা লেশ মান৷
ইহ পৰলোকে গুরু নেৰিবাহা মোক।
অময়া ভকতি আসি তোমাতে মিলোক॥
চৰণত পৰি মই কৰিছো কাকুতি৷
তযু পদে হৌক মোৰ অচলা ভকতি॥
শুনা সাধু সব কথা আতি অনন্তৰ।
শুদ্ৰৰ গৃহৰ বীজ ভৈলন্ত শঙ্কৰ॥ ৫
একদিনান্তৰে ৰাজাৰ গৃহে গৈলা৷
দেখি নৃপবৰে বহু সাদৰ কৰিলা॥
ক্ষিৰ লারু গন্ধ তেল দিলন্ত শঙ্কৰে।
দেখি হেন নৃপমণি আনন্দিত কৰে॥ ৬
গৃহ সমাচাৰ শুধিলাহা নৰপতি।
কহিলা শঙ্কৰে কথা তাঙ্ক প্ৰতি প্ৰতি॥
মেলানি দিয়োক মোক জগন্নাথে যাওঁ।
দৰ্শন কৰিয়া পুনু পালতিয়া আওঁ॥ ৭
ৰাজা বোলে দিন চাৰি আত থাকিওক।
কৃষ্ণত শৰণ আবে দিয়া যায়ো মোক॥
হেন শুনি গুরু তথা চিসুকি থাকিলা৷
অনু মান বুজি নিজ গৃহক আসিলা॥