পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৬) পদ। শুনিয়োক সভাসদ কথা নিবন্তৰ। বৈকুণ্ঠ পয়াণ ইটো লীলা শঙ্কৰব॥ অণ্ডকোষ তলে গুহা ভূমি ওপৰত। বিহ ফুহুৰা ভৈলেক মধ্য স্থলত॥৪৭ হোৱে নোহে তাঙ্ক আনে জানয় সিটে৷ কথা ভাঙ্গি গুৰু আনত নকয় " নাপৰীয়৷ পৰি ষেবে দিন চাৰি আছে। বৈকুণ্ঠৰ নৌকা চলি আসিলন্ত পাছে॥৪৮ আকাশৰ পথে আসি নৌকা খনি পাইলা। গুৰুৱে দেখয় তাক আনে নেদেখিলা॥ পৰম বিচিত্ৰ ৰূপ নৌকা মনোহৰ। উঠ আসি আছে তাত ভক্ত নিৰন্তৰ॥ ৯ দেখি অপৰূপ অতি সূৰ্যাৰ কিৰণ। কৰন্ত প্ৰকাশ যেন অমুলা ৰতন॥ সুবৰ্ণ বৰ্চিত কৰি কৰে নানা কাম। দুই পাশে পাৰি পাতি গাৱে গুণ নাম॥৫• ত্ন সিংহাসনে তাত প্ৰকাশ কৰয়। আগে-গুৰি উশভ কাণ্ডাৰ ধৰিচয়