সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাপদেশ গিৰ ধৰিলে। তেওঁ নিজেই সমরণ শূন্য বুজা আৰু পৰিশ্রমী লোক আছিল আৰু তেওঁৰ লযাকো তেনে কৰিব খুজিছিল। জোছিয়া জেঙ্কলিনে নিজৰ ল'ৰা ছোৱালী- বিলাকক দিয়া অমূল্য উপদেশ বিলাকৰ কেউটিমান তলত তুলি দিয়া হল । বেঞ্জামিনে তেওঁৰ জীৱন চৰিতত স্বীকাৰ কি যে, সেই ৰত্নতুল্য উপদেশবিলাকে তেওঁক মহৎ जৱन গঠন কৰাত প্ৰভুত পৰিমাণে সহায় কৰিছিল । লোৰ মাৰৰ নিচিনা এলাহে মানুহৰ শক্তি বেগতে স্বল্প কৰে । এলাহে কাম কঠিন কৰে, পৰিশ্ৰমে তাক উজু কৰে । তুমি নিজ জীৱনৰ কল্যাণ কামনা কৰা নে ? य কৰা তেনেহলে অবাক্ত সময় নকটাবা ৷ কাৰণ, ক্ষুদ্র ক্ষুদ্র সময়াংশই তোমাৰ জীৱনকাল গঠন কৰিছে । যদি সময়ক অমুল্য ধন বুলি ভাষা ভেস্তে, অবাৰ্ত্ত সময়ৰ অপব্যৱহাৰ কৰাটোৱে ডাঙ্গৰ অমিতব্যয়িতা। যি ৰাতিপুৱ! পলমকৈ উঠে, সি গোটেই দিনটো লৰালৰি কৰিও ভালেখিনি নিশালৈ নিজৰ কৰ্ত্তব্য সমাপন কৰিব নোৱাৰে । ক্ষুৎপিপাসাই কৰ্ম্মী মানুহৰ ঘৰৰ ভিতৰ সোমাবলৈ সাহ নকৰে ; বাহিৰৰ পৰা ভয়ে ভয়ে তুমি চায়েই সন্তুষ্ট থাকে । শ্রমেই মানুহৰ সৌভাগ্যৰ কাৰণ ; যত্নতহে ৰত্ন নিলে । আজি কৰা এটা কাম কালিলৈ কৰিম বোলা দুটা কামৰ गान ।