সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

38 শক্তি সামর্থ্যৰ সৎ ব্যৱহাৰ কৰিবলৈ উপযুক্ত ক্ষেত্র হব। তেওঁ ভাৱেৱক এই বিষয়ে খোলা খুলিকৈ কৈছিল যে বেঞ্জামিন কেতিয়াও মমবাতি মাৰু চাকাৰ ব্যৱসায়ত সন্তুষ্ট নেথাকে। তেওঁ নিজে নিজৰ কৰ্ম্মক্ষেত্র বাছি লব। বুঢ়া বেঞ্জামিন জীয়াই থকা হেঁতেন তেওঁৰ এই ভবিষ্যৎবাণীৰ সফলতা দেখিলে হেঁজেন । ব্ৰাউন ওৱেলৰ পঢ়াশালীতে। বেঞ্জামিনৰ দিন লাহে লাহে চমু চাপি আঙ্গি ; আৰু সোনকালে স্কুল এৰিব লাগিব দেখি বেজাৰৰ ভাবেৰে তেওঁৰ কোমল হৃদয় ঘণীভূত হৈ আহিল । পাচত স্কুলৰ পৰা যথা সময়ত ওলাই আহি বাপেকৰ কাৰখানাৰ কামত সোমাল । সেই সময়ত তেওঁ দহ বছৰীয়া লৰা মাখোন । তেওঁ দুবছৰ নিপুণতাৰে পৈতৃক ব্যৱসায় চলালে । কিন্তু তাত সমুলি মন নৰছিল । কিয়নো, চাৰন পাক মমবাতিৰ ব্যবলায়ত কোনো বুদ্ধি কৌশল নেলাগে। যেই সেই মানুহেই জেনে কাৰবাৰ চলাব পাৰে। বেঞ্জামিনৰ নিচিনা বুদ্ধিমান লৰাক এনেকুৱা কাৰবাৰৰ আবশ্যক যত যথেষ্ট বুদ্ধি প্ৰয়োগ কৰিব লগা হয়। তেওঁৰ সেই কামত অনিচ্ছাৰ কথা বাৰে বাৰে দেউতাকক কবলৈ ধৰিলে, কিন্তু কোনো ফল ফলিল। তেওঁ দেউতাকক কলে—“মই মমবাতি তৈয়াৰ কৰা কাম ইমান বিনাওঁ যে, তাতকৈ বহি থকাই ভাল বুলি ভাবো” তেওঁৰ পিতাৰ জোছিয়া ফেঙ্কলিনে বেঞ্জামিনৰ কথালৈ বৰ বিমোৰত পৰিল । তেওঁৰ সেই কামজ যাতে আগ্রহ জন্মে, সেইবাবে তেওঁক নান