সমললৈ যাওক

পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্কুলত শিক্ষালাভ বেঞ্জামিনৰ প্ৰকৃত শিক্ষা স্কুল বা কলেজত হোৱা নাছিল । আনকি, কলেজৰ তেওঁ নাম গোছেই পোৱা নাছিল। তেওঁৰ প্রকৃত শিক্ষাৰ ভিত্তি স্থাপিত হয় নিজ ঘৰত আৰু যি শিক্ষাৰ ফলত তেওঁ পাচত নামজ্বলা লোক হৈ উঠিছিল, নেই শিক্ষা তেওঁ নিজৰ উত্তমত লাভ কৰিছিল। স্কুল, কলেজ মাগি মানুহৰ সাধাৰণ বুদ্ধি বিকাশৰ প্ৰতিষ্ঠান মাত্ৰ মানুহৰ প্ৰতিভাৰ পূৰ্ণত। সাধন স্কুল-কলেজৰ শিক্ষাই কেডিয়াও কৰিব নোৱাৰে। ভাৰ কাৰণে মানুহৰ সুকীয়া চেষ্টা জাক পাকি- পার্শ্বিক অবস্থাৰ আনুকুল্য লাগে । সন্মানেৰে সৈতে কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰাটো বেঞ্জামিনৰ ভাগ্যত নঘটিল হয় কিন্তু তেওঁ যে কলে- জন্ত কৃতী ছাত্র বুলি চিনাকি নিদি নেথাকিল হেঁতেন তাৰ প্ৰমাণ আমি তেওঁৰ তাকৰীয়া পঢ়াশলীরা জীবনতে পাওঁহঁক । জোছিয়া ক্রেঙ্কলিনৰ আৰ্থিক অবস্থা বৰ অস্বচ্ছল আছিল । সেই কাৰণে তেওঁৰ পক্ষে পুতেকহঁতক উপযুক্ত শিক্ষা দিয়া অসম্ভব আছিল। তেওঁৰ ল'ৰা বেঞ্জামিনৰ তীক্ষ্ণ বুদ্ধি দেখি ওচৰ চুবুৰীয়া মিতিৰ-কুটুম আদিয়ে তেওঁক যেনে তেনে উপায়ে পঢ়াৰলৈ টানি ধৰিছিল। ইপিনে ঘোওঁ