পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
বুৰঞ্জীবোধ।

আহোম ৰাজ্যৰ চামিল হল। ডিমাপুৰ এখন বিতোপন নগৰ আছিল। ধনশিৰী নৈৰ পাৰত সেই নগৰৰ পকী ঘৰ-দুৱাৰৰ চিন্‌

ডিমাপুৰ নগৰৰ ভগ্নাৱশেষ।

এতিয়াও আছে। সেই চিনে এতিয়াও কছাৰি ৰজাৰ গৌৰৱৰ চিনাকি দিছে। সেই নগৰৰ সমুখতে এতিয়া ডিমাপুৰ থানা বহিছে।

 মায়বঙ্গত গৈয়ো কছাৰিবিলাক শান্তি নোপোৱা হল। তাত সিবিলাক ঘনে ঘনে কোচ ৰজাৰ আক্ৰমণত পৰে। তাতে,