১৬০০ খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণৰ ভায়েক বিখ্যাত চিলাৰায়ে কছাৰি ৰাজ্য আক্ৰমণ কৰেগৈ। তেতিয়া শত্ৰুদমন কছাৰি ৰজা আছিল। তেওঁ কোচ ৰজাৰ তলতীয়া হবলৈ মান্তি হৈ চিলাৰায়ৰ আক্ৰমণৰপৰা সাৰিল। তাৰ পাচত, জয়ন্তীয়াৰ ৰজাৰে সৈতে শত্ৰুদমনৰ বিবাদ চলিবলৈ ধৰে। সেই সংসৰ্গতে ১৬৩০ খ্ৰীষ্টাব্দত আহোম ৰজাৰে সৈতে ৰহাত তেওঁৰ ৰণ লাগে। সেই ৰণত কছাৰি ৰজাৰ জয় হয়। শত্ৰুদমনৰ পাচত, দদায়েক ভীমদৰ্প ৰজা হল। তেওঁ ৰজা হৈয়ে ধনশিৰীৰ সীমাত আহোম ৰাজ্য আক্ৰমণ কৰিছিলগৈ; কিন্তু ৰণ চলি থাকোতেই তেওঁৰ মৃত্যু হল। তাৰ পাচত, তেওঁৰ পুতেক ইন্দ্ৰবল্লভক আহোমৰাজে ৰজা পাতি তেওঁৰে সৈতে মিতিৰ কৰিলে। সেই দিন ধুৰি, খ্ৰী: ১৬৩৭ চনৰ- পৰা ১৬৭২ চনলৈকে ৩৫ বছৰ কাল, আহোম আৰু কছাৰিৰ মাজত মিলা-প্ৰীতিৰে সৈতে পাৰ হয়।
তাৰ পাচত, তিনি জন কছাৰি ৰজাই ৩০ বছৰ ৰাজত্ব কৰাৰ পাচত, ১৭০২ খ্ৰীষ্টাব্দত তাম্ৰধ্বজ নামে এজন ৰজা হয়। তেওঁ কছাৰি ৰাজপাটত উঠিয়েই আহোমৰ অধীনতা অস্বীকাৰ কৰিলে। সেই কথাত কুপিত হৈ, আহোম মহাৰাজ ৰূদ্ৰসিংহ স্বৰ্গদেৱে কছাৰি ৰাজ্য আকৌ আক্ৰমণ কৰালে। তাম্ৰধ্বজে ঠাৱৰিব নোৱাৰি জয়ন্তীয়াৰ ৰজা ৰামসিংহৰ আশ্ৰয় ললেগৈ। সেই আপাহতে জয়ন্তীয়াৰ ৰজাৰে সৈতেও আহোম ৰজাৰ এখন ৰণ লাগিল। ৰণত ৰামসিংহ হাৰিল। আৰু ১৭০৮ খ্ৰীষ্টাব্দত জয়ন্তীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হল।