সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০। পাঠ।
⸺৹⸺
কছাৰি ৰজাৰ কথা।

 কছাৰি জাতি অসম উপত্যকাৰ আদিবাসী মানুহ। ইবিলাকক বদো বংশী বোলে। পাচলৈ ইবিলাকক মেছ নামেও জনা যায়। কছাৰিৰ দোৱান আছে, কিন্তু সাহিত্য নাই। সেই কাৰণে, সিবিলাকৰ লিখা বুৰঞ্জীও নাই।

 আদিতে কছাৰি ৰাজ্য ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌ নৈৰপৰা কলং নৈলৈকে আছিল। ১৩০৩ খ্ৰীষ্টাব্দত ধনশিৰী উপত্যকাত কছাৰিৰ ক্ষমতা বৰকৈ বাঢ়িছিল। ১৪০০ খ্ৰীষ্টাব্দত দিখৌ নৈৰ পূব পাৰৰ কছাৰি ৰাজ্য আহোম-ৰজাই কাঢ়ি লয়। তাৰপৰা, ১৫০০ খ্ৰীষ্টাব্দত আহোম-ৰাজে কছাৰি ৰাজ্য ক্ৰমাৎ ঠেলি নি ধনশিৰী নৈৰ সীমা পোৱালেগৈ। সিমানতে কছাৰিয়ে আহোমক উভতি ধৰিলে। সেই আপাহতে, ১৫২৬ আৰু ১৫৩১ খ্ৰীষ্টাব্দত দুখন বৰ ডাঙ্গৰ কছাৰি-ৰণ লাগিছিল। তেতিয়া খুন্‌খৰা নামে এজন কছাৰি ৰজা আছিল। কছাৰি ৰজা ৰণত হাৰি হুঁহকি ডিমাপুৰ পালেগৈ; আৰু আহোম ৰাজ্য তালৈকে বহলোৱা হল। তাৰ পাচত, ১৫৩৬ খ্ৰীষ্টাব্দত কছাৰি ৰাজ্য আহোম-ৰাজে আকৌ আক্ৰমণ কৰে। তেতিয়া কছাৰি ৰজা ডেট্‌চুং আছিল। তেওঁ ৰণত ঘাটি মায়বং নামে ঠাইলৈ পলাই গল। ডিমাপুৰ নগৰ