পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
বুৰঞ্জীবোধ।

ফুলেশ্বৰী কুৱঁৰীয়ে ভাবিছিল যে, ৰজাৰ যি ধৰ্ম্ম প্ৰজাৰে সেই ধৰ্ম্ম হোৱা উচিত। ৰজাই গোসাঁনী পূজা কৰে, গতিকে প্ৰজায়ে গোসাঁনী মানিব লাগে। কিন্তু, মোৱাঁমৰীয়া বৈষ্ণৱসকলে আকৌ গোসাঁনী নামানে। সেই কথাত কুৱঁৰী অসন্তুষ্ট হৈছিল। পিচে, তেওঁ এবাৰ দুৰ্গাপূজা পাতি তালৈ মোৱামৰীয়া মহন্তসকলক নিমন্ত্ৰণ কৰিলে। ৰাজ-আজ্ঞা অমান্য কৰিব নোৱাৰি বৈষ্ণৱসকল পূজালৈ আহিল। সেই ছেগতে ফুলেশ্বৰী কুঁৱৰীয়ে গোসানী নমনা বৈষ্ণৱসকলক বৰ অত্যাচাৰ কৰায়। তেওঁৰ আজ্ঞা মতে পূজাৰি আৰু দেউৰীবিলাকে বৈষ্ণৱসকলৰ কপালত বলি-কটা ছাগলিৰ তেজৰ ফোঁট দি, আৰু গোসাঁনীৰ প্ৰসাদ কটিয়াই সিবিলাকক নগুৰশাস্তি কৰিলে। এই কথা মহন্তুসকললৈ অতি অসহনীয় হল। সিবিলাকে ইয়াৰ প্ৰতিশোধ দিবলৈ মনে মনে সঙ্কল্প কৰিলে, আৰু তলে তলে তাৰ নিমিত্তে যোযা কৰিবলৈ ধৰিলে। এয়ে মোৱাঁমৰীয়া বিদ্ৰোহৰ সূত্ৰপাত।

 মোৱাঁমৰীয়াৰ ১ম, বিদ্ৰোহ।—এই বিদ্ৰোহৰ আয়োজন পকি উঠিছে, এনেতে ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ ভায়েক লক্ষ্মীসিংহ কোৱঁৰ ৰাজপাটত উঠে। তেওঁ বৰ ঢিলা-বান্ধৰ ৰজা আছিল। এই জনা স্বৰ্গদেৱৰ দিনত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা এজন প্ৰতাপী বিষয়া আছিল। তেওঁ ৰজাক হাত কৰি লৈ ভালেমান শকত কাম কৰিছিল। এনে কি, ৰাজক্ষমতাৰে তেওঁ সেই কালৰ ভালেমান বুৰঞ্জী গোটাই আনি পুৰি ছাই কৰিছিল! ইয়াৰ উদ্দেশ্য আছিল তেওঁৰ গাৰ কেৰোণ গুচোৱা। তেওঁ