নিজ হাতে নিজৰ মোমায়েকক দুটুকুৰাকৈ কাটি পেলালে। সেই গড় আজিকোপতি “মোমাই-কটা-গড়” নামে জানা যায়। তাৰ চিন কামৰূপ জিলাত এতিয়াও আছে। “শৰাইঘাটৰ ৰণ"ত হৰা-জিকাৰ বিষম দোমোজাত লাছিত বৰফুকনৰ হঠাৎ তীৰকঁপে জ্বৰ উঠিল; তেওঁ নৰীয়া-পাটীৰপৰা উঠিব নোৱাৰা হল। এনে বিষম বিপাকত পৰি অসমীয়া ৰণুৱা সকলো বিমোৰ হল। কিন্তু, লাছিত বীৰ তেতিয়াও হতাশ নহল, তেওঁ উপস্থিত বুদ্ধি খটাই, নৰিয়াত পৰি থকা ছালপিৰাই সৈতে তেওঁক মাৰনাৱত তুলি শত্ৰুৰ সমুখে ভটিয়াই এৰি দিবলৈ আজ্ঞা দিলে, ততালিকে সেই মতে কাম কৰা হল। পিছে, তেওঁক সেই অৱস্থাত শত্ৰুৰ মুখলৈ আগবঢ়া দেখি আন আটাইবিলাক সেনাপতি দহগুণে উত্তেজিত হল, আৰু একে চিপে আটাইবিলাক শত্ৰুৰ ওপৰত উবুৰিখাই পৰিল গৈ। মছলমান সেনা আৰু সেনাপতি বিচূৰ্ত্তি হল। সেই ছেগতে অসমীয়া ৰণুৱাই শক্ৰক কাটি-মাৰি উছন্ নিউৱাৰ নিচিনা কৰিলে, আৰু মহাবীৰ লাছিত বৰফুকনে নৰীয়া-পাটীৰেপৰা ৰণত জয় লাভ কৰিলে। এনে উপস্থিত বুদ্ধি আৰু অদ্ভুত কৌশল কেইজনৰ আছে? বাস্তৱতে লাছিতৰ নিচিনা বীৰ আৰু ৰণ- পণ্ডিত পৃথিবীত অতি বিৰল।
মুঠ্-কথা।—চুক্লেন্মুং ৰজাৰ দিনত, ১৫৪০ খ্ৰীষ্টাব্দত আহোম ৰজাৰ প্ৰখ্যাত ৰাজধানী গড়গাওঁ-নগৰ পতা হয়। তেওঁৰ আমোলতে কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্য পোন্-প্ৰথমে আক্ৰমণ কৰেহি। চুখাম্ফা বা 'খোৰা-ৰজা'ৰ ৰাজত্ব আটাইতকৈ