দীঘল। তেওঁ পুৰা তিনি কুৰি বছৰ ৰজা হৈছিল। জয়ধ্বজসিংহ ৰজাই পো-প্ৰথমে হিন্দুমতে শৰণ লয়। তেওঁৰ দিনতে মিৰজুম্লাই অসম দেশ আক্ৰমণ কৰেহি। চক্ৰধজসিংহ স্বৰ্গদেৱৰ আমোলতে বিখ্যাত “শৰাইঘাটৰ মহা ৰণ” লাগে। এই ৰণেই “আহোমৰ দিনৰ গৌৰৱ” বৰকৈ চৰাইছিল। এই ৰণতে মহাবীৰ লাছিত বৰফুকনৰ বীৰত্ব আৰু ৰণকৌশলৰ ভাল চিনাকি পোৱা গৈছিল। এই ৰণ একেৰাহে ছমাহ চলিছিল। বিখ্যাত ৰণুৱা ৰজা ৰামসিংই এই ৰণত মছলমানৰ ঘাই সেনাপতি আছিল। তেওঁ আহোমৰ ঘাই-সেনাপতি লাছিত বৰফুকনৰ হাতত বিষমকৈ ঘাটি উলটি যাব লগা হয়। আৰু, এই পৰাজয়তে অভিমানী আওৰেংজেব সম্ৰাটৰ গণ্ডপ্ মসীমূৰ হয়। লাছিত বৰফুকন বাস্তৱতে এজন মহাবীৰ আৰু বিচক্ষণীয়া ৰণ-পণ্ডিত আছিল। আগৰ দিনীয়া অসমীয়া সেনাবিলাক ৰণবিদ্যাত সকলো পাকে পৈণত আছিল। একে অসমীয়া সেনাই মাটি-ৰণুৱা, পানী-ৰণুৱা আৰু ঘোঁৰা-ৰণুৱাৰ কাম দিব পাৰিছিল। মাটি কটা, গড় মৰা, হিলৈ মৰা, মাল-যুঁজা, চোৰাংচোৱা, ডাক চলোৱা সকলোবিধ ৰণৰ লাগতিয়াল কামত অসমীয়া সেনা পৈণত আছিল। আন কি, ৰণ-নলগা শান্তিৰ দিনত অসমীয়া ৰণুৱাই খেতি-বাতি, বেহা-বেপাৰ আৰু বিবিধ ঘৰুৱা কাম-কাজ কৰিব লগাও হৈছিল। আগৰ দিনৰ আগছোৱা আৰু মাজছোৱাত আহোম ৰজা-দিনীয়া অসমীয়া সেনাৰ নিচিনা সৰবৰহী সেনা পৃথিবীৰ ভিতৰতে বিৰল আছিল।
পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৪২
অৱয়ব