অভিমানী, সেনাপতি ৰজা ৰামসিংহই এই ৰণত ঘাটি উলটি যাবৰ সময়ত এই দৰে কৈছিল, “মই ভাৰতবৰ্ষৰ ভালেমান ঠাইত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ৰণ কৰলঁ, কিন্তু এনে ডাঙ্গৰ ৰণ কেতিয়াও কতো কৰ নাছিলঁ। অসমীয়া সেনাপতিৰ সাহ আৰু ৰণ-কৌশল দেখি স্তম্ভিত হলঁ। অসমীয়া ৰণুৱাৰ পাৰ্গতালি নশলাগি নোৱাৰি। একেবিধ অসমীয়া ৰণুৱাই মাটিয়ে, পানীয়ে আৰু ঘোঁৰাত উঠি ৰণ দিব পাৰে। সেই একে অসমীয়া ৰণুৱাই মাটি কাটিব পাৰে, গড় বান্ধিব পাৰে, মাল-যুঁজিব পাৰে, বন্দুক মাৰিব পাৰে, বৰতোপ মাৰিব পাৰে!! অসমত বাজে ভাৰতবৰ্ষৰ আন কোনোবা দেশত এনে পৈণত ৰণুৱা আছে যদি মই নাজানোঁ। ই নিশ্চয় আহোম ৰজাৰ গৌৰৱৰ চিন্।”
লাছিত বৰফুকন।—তেওঁ এজন আচল বীৰপুৰুষ আছিল। সৰুৰেপৰা তেওঁৰ চৰিত্ৰত বীৰৰ চিন্ দেখা গৈছিল। ডেকা বয়সত তেওঁক পোনতে ঘোঁৰা-বৰুৱাৰ বাব দিয়া হৈছিল। মিৰজুম্লাৰ অসম আক্ৰমণৰ সময়ত লাছিত বৰুৱাই যি বীৰৰ চিনাকি দিলে ভাত সকলোৰে চকু পৰিল। সেই বাবেই তেওঁ একে চিপে বৰফুকনৰ পদলৈ উঠিল। তেতিয়া বৰফুকনৰ ৰাজধানী কলিয়াবৰ আছিল। “শৰাইঘাটৰ ৰণ" ঘোষণা কৰিয়েই স্বৰ্গদেৱে তেওঁক কলিয়াবৰত বৰফুকন পাতি ঘাই সেনাপতিৰ বাব দিলে। সেই ৰণত তেওঁৰ বীৰ আৰু ৰণকৌশল দেখি শত্ৰুপক্ষ স্তম্ভিত হৈছিল। তেওঁ এনে চোকা আৰু টানমুখীয়া সেনাপতি আছিল যে, শৰাইঘাটৰ ৰণত সময়তে এটা গড় মৰাই উলিয়াব নোৱাৰাৰ বাবে তেওঁ