পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
আহোমৰ দিনৰ গৌৰৱ।

স্বৰ্গদেৱে বুঢ়াগোহাঞি, বৰগোহাঞি, পানীফুকন ইবিলাকক গায়পতি ভালেমান কাজুৱা ৰণুৱা দি বৰফুকনক সহায় কৰিবলৈ পঠিয়ালে। সিফালে মছলমানৰো পাচৰ খেপত পঠিওৱা সৈন্যৰ ফৌজে লগ ধৰিলেহি। এনে আয়োজনেৰে দুই পক্ষৰ ভিতৰত এখন মহাৰণ চলিবলৈ ধৰিলে। এনেতে, অকস্মাতে নৰিয়া পৰি চক্ৰধ্বজসিংহ স্বৰ্গদেৱ ঢুকাল, আৰু তেওঁৰ ভায়েক উদয়াদিত্য কোৱঁৰ নতুনকৈ ৰজা হল। এই দুৰ্ঘটনাই আহোম বিষয়াসকলক ভিতৰি হতাশ কৰি পেলাইছিল। কিন্তু, এনে বিপদেও মহাবীৰ লাছিত বৰফুকনৰ মন ভাঙ্গিব নোৱাৰিলে। তেওঁ নতুন ৰজা আৰু পালি সেনাপতিসকলক নিজৰ সাহেৰে সাহ দি, প্ৰাণটাকি ৰণ চলাবলৈ ধৰিলে। একেৰাহে ছমাহ তৰে-পানীয়ে তয়াময়াকৈ এই মহাৰণ চলিয়েই আছে, কিন্তু কোনো পক্ষৰে জয় হোৱা নাই। পাচলৈ মছলমান সেনাপতি এজন-এজনকৈ ৰণত পৰিবলৈ ধৰিলে। অলেখ মছলমান ৰণুৱা ৰণত পৰিল আৰু বন্দী হল। আহোম সেনাপতিৰ বিক্ৰম সহিব নোৱাৰি মছলমানৰ ঘাই সেনাপতি ৰজা ৰামসিংহ ভটীয়াই পলাব লগা হল। তাৰ পাচত, লাছিত বৰফুকনে ৰণত জয়লাভ কৰি, মানাহ নৈলৈকে আহোমৰ ৰাজ্য বঢ়াই, তাতে সীমা পাতি চকি বহুৱালে। ১৬৭০ খ্ৰীষ্টাব্দত এই মহাৰণৰ অন্ত পৰে। ইয়াকে “শৰাইঘাটৰ ৰণ” বোলে। আৰু, এয়ে অসমত মছলমানৰ ১২শ, আক্ৰমণ। এই ৰণতে “আহোৰ দিনৰ গৌৰৱ” অতিকৈ চৰিছিল। এনে কি, শত্ৰুৰ মুখেও সেই গৌৰৱৰ কথা শুনা গৈছিল। মছলমান সম্ৰাটৰ মহা