পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
বুৰঞ্জীবোধ।

বৰনদীমুখ আৰু গুৱাহাটী এই পাঁচ ঠাইত ৰণ দিয়ে। সেই কেইখন ঠাইত আহোমৰ সেনাৰ হাতত মছলমান বিষমকৈ ঘটিল। এই ৰণত লাছিত বৰফুকন আহোমৰ ঘাই সেনাপতি আছিল। তেওঁ ৰণত জিকি, মছলমানক মানাহ নৈৰ মুখলৈকে খেদি নি, তাৰপৰা চৈয়দ চানা আৰু চৈয়দ ফিৰুজক বন্দী কৰি আনি গড়গাওঁ নগৰলৈ পঠিয়ায়। গড়গাওঁৱত সিবিলাকক বধ কৰা হয়। এই ৰণজয়ত গুৱাহাটী আকৌ আহোম ৰজাৰ দখললৈ আহিল, আৰু মুছলমানৰ ৰণৰ সঁজুলী ভালেমান আহোমৰ হাতত ৰল। পিচে, এই পৰাজয়ৰ বাতৰি পাই দিল্লীত আওৰেংজেব বাচাহ খঙ্গত জ্বলি উঠিল। তেওঁ ততালিকে 'আহোম ৰজাৰ লগত আকৌ ৰণ দিবলৈ সাজু হল। প্ৰথমে ৩০০০ ঘোঁৰা-ৰণুৱা, ১৮,০০০ পাঠান মাটি-ৰণুৱা আৰু ১৫,০০০ কোচবেহাৰী ৰণুৱা লগত দি, ৰজা ৰামসিংহক ঘাই সেনাপতি পাতি ৰণলৈ পঠিওৱা হয়। তাৰ পাচত, নচৰৎখাঁ, ৰঘুনাথসিংহ, ৰচিদ খাঁ এই তিনজন পালি সেনাপতিৰ তলত ভালেমান ৰণুৱা দি ৰজা ৰামসিংহক সহায় কৰা হয়। ইফালে আহোম ৰজা চক্ৰধ্বজসিংহয়ো বৰসেনাপতি লাছিত বৰফুকনক ভালেমান বাছক বনীয়া পৈণত আৰু কাজুৱা ৰণুৱাৰে সৈতে সাজু কৰি ৰাখিছিল। বৰফুকনে শৰাইঘাটত শকত আৰু ডাঙ্গৰকৈ এটা কোঁঠ মৰাই লৈ মছলমানলৈ বাট চাই আছিল। ৰজা ৰামসিংহ আহি গুৱাহাটীৰ সীমা পোৱা মাত্ৰে লাছিত বৰফুকনে আগচি ধৰিলে। দুয়ো পক্ষৰ মাজত তয়াময়াকৈ ৰণ লাগি উঠিল। এনে সময়তে, গড়গাওঁ-নগৰৰ পৰা চক্ৰধ্বজসিংহ