পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
আহোমৰ দিনৰ গৌৰৱ।

নিমিত্তে অৰ্পণ কৰি বছৰি ২০টা হাতী আৰু পেচ্‌কচৰ বাবে তিনি লাখ টকা আৰু ৯০টা হাতী চই শোধাবলৈ গাত লৈ, মিৰজুম্লাক বিদায় দিলে। এয়ে অসমত মছলমানৰ ১১শ, আক্ৰমণ।

জয়ধ্বজসিংহৰ পাচত, তেওঁৰ পুতেক এজনো ৰজা হব নোৱাৰিলে। সিবিলাকৰ চৰিত্ৰ পিতাকৰ দৰেই দুৰ্ব্বল দেখি ডাঙ্গৰীয়াসকলে সিবিলাকৰ এজনকো ৰাজপাটৰ নিমিত্তে মনোনীত নকৰিলে। গতিকে, আহোম ৰাজবংশৰ আন এটা ফৈদ দেওৰজাৰ নাতি চুপুংমুং কোৱঁৰক ১৬৬৩ খ্ৰীষ্টাব্দত ৰজা পতা হয়। হিন্দুমতে তেওঁ চক্ৰধ্বজসিংহ নাম লয়। তেওঁৰ দিনত হোৱা ঘটনাৰ ভিতৰত নগা-দমন, মিৰি-বিদ্ৰোহ আৰু 'শৰাইঘাটৰ ৰণ' এই কেহটাই ঘাই।

 শৰাইঘাটৰ ৰণ।—মিৰজুম্লাৰ লগত হোৱা সন্ধি মতে, জয়ধ্বজসিংহ ৰজাই দিল্লীৰ সম্ৰাটক যি পেচকচ আৰু চই দিবলৈ গাত লৈছিল, তাৰে ১৯,০০০৲ টকা আৰু ৫টা হাতী শোধাবলৈ বাকী ৰৈছিল। তাকে সাধি গুৱাহাটীৰপৰা মছলমান ফৌজ্‌দাৰ ফিৰুজ্‌খাঁই আহোম ৰজালৈ কটকীৰ মুখে টান কথা কৈ পঠিয়ালে। চক্ৰধ্বজসিংহ বৰ সাহী আৰু অভিমানী ৰজা আছিল। তেওঁ মুছলমানৰ সেই টান কথা সহিব নোৱাৰি খঙ্গত বাকী থকা চইৰ সলনি ৰণ দিবলৈ ওলাল। গতিকে, দুইপক্ষৰ মাজত এখন তয়াময়া ৰণ লাগিল। এই ৰণ দুবাৰ হয়। প্ৰথম বাৰত চৈয়দ চানা আৰু চৈয়দ ফিৰুজ্‌ সেনাপতিৰ তলে মছলমানে বাঁহবাৰী, কাঁজলিমুখ ইটাখলি,