পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
বুৰঞ্জীবোধ।

১৬১০ খ্ৰীষ্টাব্দত দিল্লীৰ সম্ৰাট আওৰেংজেৱৰ সেনাপতি মিৰজুম্লাই অসম দেশ আক্ৰমণ কৰেহি। মছলমান সেনা আহি নুমলিগড় পাওঁতেই সেই ঠাইৰ কোঁঠ-ৰখীয়া অসমীয়া সেনা পলাই ফাট্‌ মাৰিলে। মিৰজুম্লাই কোনো হকাবধা নোপোৱাকৈ গড়গাওঁ-নগৰ সোমালেগৈ। জয়ধ্বজসিংহ ৰজাই ভয়ত চৰাইখোৰোং নামে পাহাৰত ঠাই ললেগৈ। মিৰজুম্লাই গোটেই অসম দেশত ৰাজক্ষমতা চলাই এবছৰ গড়গাঁওত প্ৰভুত্ব কৰিছিল। তাৰ পাচত, তেওঁ আহোম ৰজাৰে সৈতে সন্ধি পাতি স্বদেশলৈ উলটি যাবলৈ মন কৰিলে। সেই সন্ধি মতে জয়ধ্বজ সিংহ ৰজাই অনেক ধন-বস্তু আৰু লগুৱা-লিগিৰি যৌতকত দি, ৰাজ-জীয়াৰী ৰমণী গাভৰুক দিল্লীৰ বাদচাহৰ লগত বিয়া দিবৰ

গড়গাঁওৱৰ কাৰেংঘৰ।