পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
আহোমৰ দিনৰ গৌৰৱ।

পৰীয়া ৰাজ্য শত্ৰুক এৰি দি গড়গাঁও নগৰলৈ গুচি আহিল। পিচে, চিলাৰায়ে নাৰায়ণপুৰত এটা কোঁঠ মাৰি থৈ উলটি গলগৈ। তাৰ পাচত, আহোম ৰজাই আকৌ এখন ৰণ দি কোচৰপৰা সেই ৰাজ্য কাঢ়ি ললৈ। এয়ে কোচৰ ২য়, আৰু ৩য়, আক্ৰমণ।

 বুদ্ধিনাৰায়ণ।—খোৰা-ৰজাৰ পাচত, খ্ৰীঃ ১৬১১ চনৰপৰা ১৬৫৪ চনলৈকে এই ৪৩ বছৰৰ ভিতৰত চুচেংফা, চুৰম্‌ফা আৰু চুত্যিংফা এই তিনজন ৰজা হয়। ইবিলাকৰ ভিতৰত চুচেংফা স্বৰ্গদেৱ প্ৰখ্যাত আছিল। তেওঁক বুদ্ধিস্বৰ্গনাৰায়ণ নামেও জনা যায়। তেওঁৰ দিনত ভালেমান ডাঙ্গৰ ডাঙ্গৰ ঘটনা হৈছিল। তাৰ ভিতৰত মছলমানৰ নৱম আৰু দশম আক্ৰমণ, আৰু কছাৰি-ৰণ এই দুটা ঘাই। এই জন ৰজাৰ দিনতে বৰফুকন আৰু বৰবৰুৱা বিষয়ৰ সৃষ্টি হয়। ইয়াত বাজেও, তেওঁ ভালেমান আলি, গড়, দৌল, পুখুৰী আদি কৰাই আহোম ৰাজ্যৰ বহুল উন্নতি কৰিছিল।

 জয়ধ্বজসিংহ।—১৬৫৪ খ্ৰীষ্টাব্দত চুত্যিংফা স্বৰ্গদেৱক ভাঙ্গি তেওঁৰ পুতেক চুতাম্‌লা কোৱঁৰ ৰজা হয়। তেওঁ ৰাজপাটত উঠিয়েই তামৰ ফলিত লিখাইদি, বহুত দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দান কৰি নিৰঞ্জণ নামে বাপুত শৰণ লয়। তাৰ পাচত, হিন্দুমতে তেওঁৰ নাম জয়ধ্বজসিংহ হয়। আহোম ৰজাৰ ভিতৰত তেওঁৱেই পোন্‌প্ৰথমে হিন্দুমতে শৰণ লয়, আৰু তেওঁৰ দিনৰপৰাই তামৰ ফলি চলিত হয়।

 মিৰজুম্লাৰ আক্ৰমণ।—জয়ধ্বজসিংহ ৰজাৰ দিনতে,