পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪। পাঠ।
আহোমৰ দিনৰ গৌৰৱ।

 গড়গঞা ৰজা।—স্বৰ্গদেৱ স্বৰ্গনাৰায়ণৰ পাচত, তেওঁৰ পুতেক চুক্লেনমুং কোৱৰ ৰজা হয়। তেওঁক ‘গড়গঞা ৰজা' নামেও জনা যায়। কিয়নো, আহোম ৰজাৰ প্ৰখ্যাত ৰাজধানী গড়গাওঁ-নগৰ তেওঁৱেই পাতিছিল। এই জনা ৰজাৰ দিনতে কোচ ৰজাৰ সেনাপতি প্ৰখ্যাত বীৰ চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰেহি। তেওঁ উত্তৰ পাৰে উজাই দিকৰাই নৈলৈকে আহোম ৰাজ্য দখল কৰিছিলহি। তাৰ লগে লগে কোচ ৰজাই তেওঁৰ ৰাজধানী কোচবিহাৰৰপৰা সৌমাৰৰ নাৰায়ণপুৰলৈকে এটা বৰ ডাঙ্গৰ ৰাজ-আলি বন্ধাইছিল। সেই আলি “গোহাঁই-কমলা- আলি” নামে জনা যায়। কিয়নো,ইয়াক নৰনাৰায়ণ ৰজাৰ ভায়েক গোহাঁইকমলাই বন্ধাইছিল। পিচে, আহোম ৰজাই ভালেমান কাজুৱা ৰণুৱাৰে সৈতে পিছলা নৈৰ পাৰত এটা কোঁঠ মৰাই লৈ কোচ সেনাপতিক আগভেটি ধৰিলেগৈ। ইয়াতে চিলাৰায় আৰু গড়গঞা ৰজাৰ মাজত এখন তয়াময় ৰণ লাগিল। ৰণত চিলাৰায় ঘাটি স্বদেশলৈ উলটিল। আহোম ৰজাই নিজৰ ৰাজ্য আকৌ উদ্ধাৰ কৰি ললে। এয়ে আহোম ৰাজ্যত কোচৰ প্ৰথম আক্ৰমণ। ইয়াকে “পিছলাপৰীয়া ৰণ” বলে।