পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
আহোমৰ দিনৰ আৰম্ভণ।

 চুকাফা স্বৰ্গদেৱৰ পাচত, তেওঁৰ বংশৰ চুতেউফা, চুবিণফা, চুখাংফা, চুখ্ৰাংফা আৰু চুতুফা এই পাঁচজন ৰজা হয়। তাৰ পাচত, খ্ৰীঃ ১৩৭৬ চনৰপৰা ১৩৮০ চনলৈকে চাৰি বছৰ ৰজা নপতাকৈয়ে মন্ত্ৰীসকলেই ৰাজ্য চলাইছিল। কাৰণ, শেহৰ জন ৰজাই মন্ত্ৰীসকলক অমান্য কৃৰি চলিছিল, আৰু প্ৰজাই দুখ পোৱা ভালেমান অন্যায় কাম কৰিছিল, সেই মইমতীয়া কামৰ ভিতৰত মন্ত্ৰীসকলৰ মত নোলোৱাকৈ চুতুফা স্বৰ্গদেৱে ছুটীয়া ৰাজ্য আক্ৰমণ কৰা কামেই ঘাই।

 মুঠ্‌-কথা।-চুকাফা স্বৰ্গদেৱেই আহোমৰ আদিৰজা। সেই কালত তেওঁৰ সমান পৰাক্ৰমী ৰজা আৰু নাছিল। সেই কাৰণে তেওঁক ‘অসম’ ৰজা বোলা হৈছল। সেই ‘অসম’ শব্দৰপৰা ‘অহম’ হয়; আৰু তাৰপৰা ‘অহোম’ নামৰ উৎপত্তি হয়। পাছত, তাৰপৰাই “অসমদেশ” নাম হয়। এতিয়া সেই নাম ‘আসাম’ হৈছে। চুকাফা স্বৰ্গদেৱ বৰ উদাৰ চিতীয়া আৰু ৰাজনীতিৰ বহুল জ্ঞান থকা পুৰুষ আছিল। দেশৰ মঙ্গল আৰু প্ৰজাৰ উপকাৰ নিমিত্তে তেওঁ নিজৰ মাতৃভাষাক পিচ পেলাই প্ৰজাৰ ভাষাক আগ কৰিছিল। তেওঁ প্ৰতাপী ৰজা হৈও ৰাজকাৰ্যত নিজৰ মাতৃভাষা নচলাই প্ৰজাৰ ভাষাকে ৰাজভাষা ৰূপে গ্ৰহণ কৰাটো বৰ ডাঙ্গৰ কথা। তেনে উদাৰনীতি আজিকালি বৰ ওখ খাপৰ সভ্য ৰজাৰ মাজতো পাবলৈ নাই। আহোম প্ৰজায়ে মুকলি মনেৰে লগৰীয়া অসমীয়া প্ৰজাৰ ভাষা শিকি লৈ ৰাজকাৰ্যত যোগ দিছিল। তেতিয়াৰপৰাই অসমীয়া ভাষাই